ডিব্ৰুগড়ৰ নাহৰকটীয়াত ভুৱা আধাৰ কেন্দ্ৰ উৎখাত, গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ ২ যুৱকসহ পাঁচজনক

ডিজিটেল ডেক্সঃ ডিব্ৰুগড়ৰ নাহৰকটীয়াত ভুৱা আধাৰ কেন্দ্ৰ উৎখাত ৷ গ্ৰেপ্তাৰ কৰা হৈছে পাঁচ যুৱকক ৷ উত্তৰ প্ৰদেশৰ গৌতম সিং আৰু অভিষেক পাণ্ডে নামৰ যুৱক দুজনে নাহৰকটীয়াৰ বিতু শৰ্মা,সন্তোষ নিৰ্মলীয়া আৰু ৰাজু বৰুৱাৰ সহযোগত গুজৰাট ইনফ’টেক এজেঞ্চি নামেৰে আধাৰ কেন্দ্ৰ খুলি আধাৰ কাৰ্ড বনাই আহিছিল৷

প্ৰতিজন লোকৰ পৰা সংগ্ৰহ কৰিছিল ২০০ টকাকৈ৷ এই সম্পৰ্কত সন্দেহ ওপজাত ৰাইজে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে৷

DA News PlusNaharkatia
Comments (0)
Add Comment