গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মৌনব্ৰত

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰক মোদী মন্ত্ৰী সভাৰ পৰা বহিস্কাৰৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ৷ মন্ত্ৰী মিশ্ৰৰ পুত্ৰসহ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিৰ ঘটনাত জড়িত বাকী সকলোৰে শাস্তিৰ দাবী৷ এই দাবীৰে আজি গুৱাহাটীত মেঘদূত ভৱনৰ সন্মুখত মৌনব্ৰত পালন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে৷

এই প্ৰতিবাদত অংশগ্ৰহণ কৰিলে সভাপতি ভুপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়িকা শীৱামনি বৰা, নুৰুল হুদা, জাকিৰ হুছেইন ছিকদাৰ, ভৰত নৰহৰ লগতে প্ৰদেশ কংগ্ৰেছৰ ভালেকেইজন জ্যেষ্ঠ নেতাই৷

congress protestDA News Plus
Comments (0)
Add Comment