বঙাইগাঁৱত শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা

ডিজিটেল ডেস্কঃ বঙাইগাঁৱৰ মানিকপুৰত চৰকাৰী কৰ্মচাৰীৰ নিকৃষ্ট কাণ্ড৷ শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাই গ্ৰেপ্তাৰ হ’ল ভাৰতীয় মৰাপাট নিগমৰ কৰ্মচাৰী সন্তেশ্বৰ ৰায়৷ পাটিলাদহাত ৮ বছৰীয়া এটি শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাইছিল লম্পট ৰায়ে৷ পূৰ্বেও মহিলাক নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠা লম্পট সন্তেশ্বৰ ৰায়ে এইবাৰ শিশুটিক নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ কথা পোহৰলৈ অহাত উত্তেজিত হৈ পৰে ৰাইজ৷

আৰক্ষীয়ে আটক কৰিছে লম্পট সন্তেশ্বৰ ৰায়ক।দৃষ্টান্তমূলক শাস্তিৰ দাবী স্থানীয় ৰাইজৰ। ঘটনাৰ খবৰ পাই মানিকপুৰ আৰক্ষী উপস্থিত হৈ সন্তেশ্বৰ ৰায়ক আটক কৰি থানাত লৈ যায়। ৰাইজে অভিযুক্ত সন্তেশ্বৰ ৰায়ক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে আৰক্ষীক৷

BangaigaonDA News PlusRape
Comments (0)
Add Comment