অসমত শনিবাৰে জ্বলিল পাকিস্তানৰ পতাকা, পুত্তলিকা দাহ হ’ল ইমৰান খানৰ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিল পাকিস্তানৰ পতাকা৷ পুত্তলিকা দাহ কৰা হ’ল পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ৷ বিশ্ব হিন্দু পৰিষদ আৰু বজ্ৰং দলৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত৷ পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে কাশ্মীৰত হিন্দু আৰু শিখ হত্যাৰ প্ৰতিবাদত শনিবাৰে উত্তাল হ’ল দেশৰ বিভিন্ন প্ৰান্তও৷

বৰপেটাৰ কেওটকুছিত বিশ্ব হিন্দু পৰিষদে কাশ্মীৰত হোৱা হিন্দু আৰু শিখ হত্যাৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ৷ পাকিস্তান মূৰ্দাবাদ, পাকিস্তান নিপাত যাওঁক শ্লোগান দি দেশখনৰ পতাকা দাহ কৰে প্ৰতিবাদকাৰীসকলে৷ মাৰ্ঘেৰিটাৰ লিডুতো পাকিস্তানৰ পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বজ্ৰং দলে৷ তেজপুৰতো বিশ্ব হিন্দু পৰিষদ আৰু বজ্ৰং দলে পাকবিৰোধী প্ৰতিবাদেৰে উত্তাল কৰি তোলে আকাশ-বতাহ৷

হোজাইৰ জোৰপুখুৰীত বজ্ৰং দলে পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিমূৰ্তি আৰু দেশখনৰ পতাকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ৷ লংকাতো বিশ্ব হিন্দু পৰিষদ আৰু বজ্ৰং দলে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী৷ পাকিস্তানৰ পাতাকা দাহ কৰি পাকিস্তান মুৰ্দাবাদ, জেহাদী মৌলবাদী হুচিয়াৰ শ্লোগানেৰে উত্তাল কৰে পৰিৱেশ৷

AssamDA News PlusIndiaPakistan
Comments (0)
Add Comment