ডিব্ৰুগড়ত মাতৃ-পুত্ৰই একেলগে চলাইছে নাৰী দেহ চক্ৰ

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত নাৰীদেহ ব্যৱসায়ীৰ চক্ৰ উৎখাত। ডিব্ৰুগড় চহৰৰ তিনিটাকৈ স্থানত আৰক্ষীয়ে অভিযান চলাই মাতৃ-পুত্ৰসহ গ্ৰেপ্তাৰ কৰে ৪জনক৷ গান্ধী নগৰ, আলোকপথ আৰু নালিয়াপুলত পৃথকে পৃথকে চলা আৰক্ষীৰ অভিযান উদ্ধাৰ হয় ৬গৰাকী যুৱতী৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাবু আলী, হেমন্ত গগৈ, নাজিম আহমেদ আৰু ফৰিদা বেগমক৷ আৰক্ষীৰ অভিযানৰ মাজতে পলায়ন কৰে গ্ৰাহক হিচাপে যোৱা কেইবাজনো যুৱকে৷ আৰক্ষীৰ জালত পৰা এই চক্ৰটোৰ নেতৃত্বতে দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ ভাড়া ঘৰত দেহ ব্যৱসায় চলি আহিছিল৷

AssamDA News PlusDibrugarhSex Racket
Comments (0)
Add Comment