পুনৰ টাটা গোষ্ঠীৰ হাতলৈ এয়াৰ ইণ্ডিয়া, ৬৮ বছৰৰ মূৰত মালিকীস্বত্ব লাভ টাটা গোষ্ঠীৰ

ডিজিটেল ডেক্সঃ পুনৰ টাটা গোষ্ঠীৰ হাতলৈ এয়াৰ ইণ্ডিয়া৷ ৬৮ বছৰৰ মূৰত এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব লাভ কৰিলে টাটা গোষ্ঠীয়ে৷ এয়াৰ ইণ্ডিয়াৰ ব্যক্তিগতকৰণৰ বাবে টাটা ছন্সে জমা দিয়া ১৮ হাজাৰ কোটি টকাৰ নিবিদা গ্ৰহণ কৰিছে কেন্দ্ৰই৷ ইয়াৰ ফলত টাটা ছন্সে এয়াৰ ইণ্ডিয়াৰ ১০০ শতাংশ স্বত্ব লাভ কৰাৰ উপৰি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু বিমানবন্দৰ পৰিসেৱা সংস্থা, এয়াৰ ইণ্ডিয়া এয়াৰপ’ৰ্ট ছাৰ্ভিচেজৰ ৫০ শতাংশকৈ অংশীদাৰীত্বও লাভ কৰিব টাটা গোষ্ঠীয়ে৷

টাটা গোষ্ঠীয়েই প্ৰায় ৯ দশক পূৰ্বে দেশত আৰম্ভ কৰিছিল প্ৰথমটো বিমান পৰিবহণ প্ৰতিষ্ঠান৷ দেশৰ প্ৰথম পাইলট জে আৰ ডি টাটাই ১৯৩২ চনত প্ৰতিষ্ঠা কৰা টাটা এয়াৰলাইন্স নাম ১৯৪৬ চনত এয়াৰ ইণ্ডিয়ালৈ সলনি কৰা হয়৷ ১৯৫৩ চনত চৰকাৰীকৰণ কৰা হয় এয়াৰ ইণ্ডিয়াক৷

এসময়ত এয়াৰ ইণ্ডিয়াই পৃথিৱীৰ আগশাৰীৰ বিমান পৰিবহণ সংস্থাসমূহৰ অন্যতম আছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ মান নিম্নগামী হ’বলৈ ধৰে৷ কিছু বছৰৰ পূৰ্বৰে পৰা লোকচানৰ পৰিমাণো বাঢ়িবলৈ ধৰে৷ তেতিয়াৰ পৰাই এয়াৰ ইণ্ডিয়াক ব্যক্তিগতকৰণৰ বাবে চেষ্টা চলাই আহিছিল কেন্দ্ৰীয় চৰকাৰে৷ আৰু অৱশেষত টাটা গোষ্ঠীৰ হাতত গটাবলগীয়া হ’ল এয়াৰ ইণ্ডিয়াক৷

Air IndiaDA News Plus
Comments (0)
Add Comment