এইবাৰ মৰিগাঁৱত আইন সজাগতা অভিযান


ডিজিটেল ডেস্কঃ গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোতে মৰিগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ এক ব্যতিক্ৰমী পদক্ষেপ। মৰিগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত শুভাৰম্ভ কৰা হ’ল ৪৫ দিনীয়া আইন সজাগতা সম্পৰ্কীয় অভিযান। এই সময়চোৱাত জিলাখনৰ ৰাজহচক্ৰ কাৰ্যালয়, পঞ্চায়ত কাৰ্যালয় আদিত গৈ আইন সম্পৰ্কে জনগণক সজাগ সচেতন কৰা হ’ব।

উল্লেখ্য যে, এই অভিযানৰ শুভাৰম্ভ অনুষ্ঠানটোত মৰিগাঁও জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি সংগঠনটোৰ কৰ্মকৰ্তা, আইনজ্ঞ, বিশিষ্ট লিখক মনেশ্বৰ দেউৰীৰ লগতে বহুকেইগৰাকী বিশিষ্টলোক উপস্থিত থাকে।

da news plus morigaon
Comments (0)
Add Comment