কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ৰাষ্ট্ৰীয় পোষন মাহ উদযাপন

ডিজিটেল ডেস্ক: সমগ্ৰ ভাৰতবৰ্ষতে ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সম্পূৰ্ন এটা মাহ ৰাষ্ট্ৰীয় পোষন মাহ হিচাপে পালন কৰা হৈছে। ৩০ ছেপ্টেম্বৰ অৰ্থাৎ মাহৰ অন্তিমটো দিনত কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ১৮০ নং বেঙ্গলী চুক অঙ্গনবাড়ী কেন্দ্ৰত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পোষন মাহ।

সমাজৰ গৰ্ভৱতী মাতৃৰ ৰক্ত হীনতা আৰু শিশুৰ পুষ্টি হীনতা দূৰীকৰণক লৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে সমাজ কল্যান বিভাগে কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত উত্তৰ-পশ্চিম পূৱথৰীয়া চক্ৰৰ অঙ্গনবাড়ী কৰ্মীসকলৰ সহযোগত পালন কৰিলে ৰাষ্ট্ৰীয় পোষণ মাহ।
উক্ত অনুষ্ঠানত উপস্থিত থাকে, মুখ্যসেৱিকা মৌচুমী বৰদলৈ, মৃণালী ৰাভা, কাৰ্যালয় কনিষ্ট সহায়ক মালাৰাণী শইকীয়া আৰু সমাজ কল্যাণ বিভাগৰ বিষয়ববীয়া প্ৰভাত চেত্ৰী, প্ৰাঞ্জল কাকতিৰ লগতে উত্তৰ-পশ্চিম পূৱথৰীয়া অঞ্চলৰ ৰাইজ আৰু সমাজ কল্যাণ বিভাগৰ বিষয়ববীয়াসকল।

DA News PlusKaliaborPUSHAN MAAH
Comments (0)
Add Comment