ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰত আৰু পাকিস্তানৰ তীব্ৰ বিতৰ্ক, ৰাষ্ট্ৰসংঘৰ আশা দুয়োখন দেশৰ মাজত হ’ব পাৰে আলোচনা

ডিজিটেল ডেক্সঃ ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰত আৰু পাকিস্তানৰ তীব্ৰ বিতৰ্কৰ মাজত ৰাষ্ট্ৰসংঘৰ আশা দুয়োখন দেশৰ মাজত হ’ব পাৰে আলোচনা৷ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ মুখপাত্ৰ ষ্টেফান গুজাৰিক ডে লা ৰিভিয়েৰে আশা প্ৰকাশ কৰিছে যে দুয়োখন দেশৰ মাজত আলোচনা সম্ভৱ হ’ব পাৰে৷

আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ পাছতে দুয়োখন দেশৰ মাজত অন্তৰায় বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ৷ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে দিয়া প্ৰৰোচনামূলক মন্তব্যও আন্তৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হৈছে৷ এনে অৱস্থাত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা নিৰসনৰ বাবে আলোচনাৰ পোষকতা কৰে ৰাষ্ট্ৰসংঘই৷

IndiaUN
Comments (0)
Add Comment