১ অক্টোবৰ পৰা পৰ্যায়ক্ৰমে খোলা হ’ব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

ডিজিটেল ডেস্কঃ ১ অক্টোবৰৰ পৰা পৰ্য্যায়ক্ৰমে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে ডিব্ৰুগড় চহৰৰ আমোলাপট্ৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুয়ে। এই ক্ষেত্ৰত শিক্ষানুষ্ঠান সমূহে সম্পূৰ্ণ কভিড প্ৰটকল মানি চলিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

১৯ অক্টোবৰৰ পৰা ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সপ্তাহত তিনিদিনকৈ পাঠদান অনুষ্ঠিত হ’ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে হোৱাৰ বিপৰীতে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে হ’ব।

প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলে পাঠদানৰ সময়ৰ লগতে, মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কল কঠোৰভাৱে পালন কৰা ইত্যাদি দিশবোৰ পৰ্যবেক্ষণ কৰিব লাগিব বুলিও অসম চৰকাৰৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

প্ৰাথমিক বিদ্যালয়ৰ পাঠদান আৰম্ভ হ’লেও অৱশ্যে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী উপস্থিত থকাটো সম্পূৰ্ণ ব্যক্তিগত বিষয়, কোনো শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ত উপস্থিত থকাৰ বাবে বাধ্য কৰাব নোৱাৰিব। আনহাতে, ৰাজ্যত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈয়ো পাঠদান ১৯ অক্টোবৰৰ পৰাই আৰম্ভ হ’ব। সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হ’ব।

উচ্চ প্ৰাথমিক বিদ্যালয় সমূহৰ হোষ্টেল সমূহ পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত খোলা নহ’ব বুলি চৰকাৰৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

বিদ্যালয়ত পাঠদান অনুষ্ঠিত হ’লেও বিদ্যালয়ৰ ভিতৰত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে। এটা শ্ৰেণীত একেসময়ত ৩০ জনতকৈ যাতে অধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিত নাথাকে সেই কথা নিশ্চিত কৰিবলৈয়ো বিদ্যালয় কৰ্তৃপক্ষক দায়িত্ব দিয়া হৈছে। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ দৰে ৰাজ্যত নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানো অক্টোবৰ মাহৰ পৰাই আৰম্ভ হ’ব।

নৱম শ্ৰেণীৰ পাঠদান ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান ক্ৰমে ৬ অক্টোবৰ আৰু ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। একাদশ শ্ৰেণীৰ পাঠদান ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব।
বিদ্যালয়ত পাঠদান কৰা সকলো শিক্ষক-কৰ্মচাৰীকে ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে।

DA News Plusranoj peguschool re open
Comments (0)
Add Comment