গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড৹ দিলীপ বৰাক দায়িত্বৰ পৰা অব্যাহতি, শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিবৰ পৰা অব্যাহতি ড৹ বৰাক

ডিজিটেল ডেক্সঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ দিলীপ বৰাক দায়িত্বৰ পৰা অব্যাহতি।এক জাননীযোগে এই কথা প্ৰকাশ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।

ভাৰপ্ৰাপ্ত সচিবগৰাকীয়ে দায়িত্বৰ পৰা অব্যাহতি বিচাৰি উপাচাৰ্যলৈ প্ৰেৰণ কৰিছিল এক পত্ৰ। উক্ত পত্ৰত নিজৰ ব্যক্তিগত কাৰণত দায়িত্বৰ পৰা অব্যাহতি বিচৰা বুলি উল্লেখ কৰিছিল ড৹ দিলীপ বৰাই।

এই পত্ৰখন লাভৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে ড৹ বৰাৰ ঠাইত শ্ৰেণীসমূহৰ নতুন ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব দিয়ে উদ্ভিদবিজ্ঞান বিভাগৰ অধ্যাপক ড৹ পাৰ্থপ্ৰতীম বৰুৱাক।

উল্লেখ্য যে, শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্বৰ পালনৰ লগতে APDCLৰ ফলাফল ঘোষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে গঠন কৰা বাহ্যিক পৰীক্ষা কোষৰ অন্যতম সদস্য আছিল ড৹ বৰা।

সেই পৰীক্ষা কোষৰেই আন এজন সদস্য শশাংক শইকীয়াক ফলাফল ঘোষণাত অনিয়ম সংঘটিত কৰাৰ অভিযোগত ইতিমধ্যে CM ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিছে।

DA News PlusDilip Boragauhati university
Comments (0)
Add Comment