বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত ভাৰত বন্ধ, উত্তৰ ভাৰতত বন্ধৰ ব্যাপক প্ৰভাৱ

ডিজিটেল ডেস্কঃ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত আজি কৃষক সংগঠনসমূহে আহ্বান কৰিছে দেশজোৰা বন্ধ৷ পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ আহ্বান কৰা হৈছে এই বন্ধ৷ উত্তৰ ভাৰতত এই ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে৷ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ কৃষক৷ অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় পথ, ৰে’লপথ৷

বন্ধ সমৰ্থকক বাধা দিবলৈ কোনো কোনো ঠাইত ৰাজপথত বেৰিকেড স্থাপন কৰিছে আৰক্ষীয়ে৷ মোতায়েন কৰা হৈছে বৃহৎসংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী৷ কংগ্ৰেছ আৰু বাঁওপন্থী দলসমূহকে ধৰি ভালেকেইটা ৰাজনৈতিক দলে এই বন্ধৰ প্ৰতি সমৰ্থন জনাইছে৷

bharat bondhDA News Plus
Comments (0)
Add Comment