গোঁসাইঘৰৰ থাপনাৰ তলত ওলাল ডকাইতে লুকাই ৰখা ধন

ডিজিটেল ডেস্কঃ যোৱা ২১ তাৰিখে যোৰহাটত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড। সন্ধ্যা স্বস্তিক ইণ্ডিয়া নামৰ এখন হাৰ্ডৱেৰ দোকানৰ স্বত্বাধিকাৰীয়ে দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ লওঁতেই ডকাইতে ব্যক্তি জনৰ পৰা লুটি লৈ গৈছিল 6 লাখ টকা। এই ঘটনাৰ লগত জড়িত থকা ২ ডকাইতক যোৰহাট আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ডকাইত দুটা হৈছে ক্ৰমে অভিনাশ শইকীয়া(যোৰহাট পতিয়াগাঁও)আৰু নিতুল গগৈ(ধেমাজি)

উল্লেখ্য যে, যোৰহাট আৰক্ষীয়ে ডকাইত অভিনাশ শইকীয়াক নাইট চুপাৰত ধেমাজিলৈ গৈ থকা অৱস্থাত কলিয়াবৰৰ পৰা আটক কৰে। অৱশেষত ডকাইত ২ টাৰ স্বীকাৰোক্তি অনুসৰি ৩ লাখতকৈ অধিক টকা গোঁসাইঘৰৰ থাপনাৰ তলৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে।

DA News Plusjorhat docait
Comments (0)
Add Comment