পঞ্চায়ত প্ৰতিনিধিলৈ ৬৬ কোটি ৮৪ লাখ ২৫ হাজাৰ টকা মুকলি বিত্ত বিভাগৰ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ গ্ৰাম্য স্বৰাজ ব্যৱস্থাক অধিক শক্তিশালী আৰু গতিশীল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্য মন্ত্ৰী ড° শৰ্মাৰ পৰামৰ্শ অনুসৰি ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্যৰ সকলো জিলা পৰিষদৰ সভাপতি, উপ-সভাপতি আৰু সদস্য-সদস্যা, গাঁও পঞ্চায়তৰ সভাপতি, উপ-সভাপতি আৰু সদস্য-সদস্যাৰ লগতে আঞ্চলিক পঞ্চায়তৰ সভাপতি, উপ-সভাপতি আৰু সদস্য-সদস্যাসকলৰ ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ২০২১ চনৰ জানুৱাৰীপৰ্যন্ত ১০ মাহৰ পাৰিতোষিকত মঞ্জুৰী প্ৰদান কৰে৷ বিত্তমন্ত্ৰীৰ এই মঞ্জুৰীৰ দ্বাৰা ৰাজ্যৰ ২৬,৭৮৪গৰাকী নিৰ্বাচিত প্ৰতিনিধি উপকৃত হ’ব৷

এই পাৰিতোষিক মঞ্জুৰীৰ দ্বাৰা জিলা পৰিষদৰ সভাপতিসকলে প্ৰতিমাহে ১০ হাজাৰ টকা, উপ-সভাপতিসকলে প্ৰতিমাহে সাত হাজাৰ পাঁচশ টকা আৰু সদস্যসকলে চাৰি হাজাৰ টকাকৈ লাভ কৰিব৷

একেদৰে গাওপঞ্চায়তৰ সভাপতিসকলে ৫০০০ উপসভাপতিসকলে ৩০০০ আৰু সদস্যসকলে ২০০০টকাকৈ প্ৰতিমাহে লাভ কৰিব।

আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলে ৭,৫০০ উপসভাপতিসকলে ৫০০০ আৰু সদস্যসকলে ৩০০০টকাকৈ প্ৰতিমাহে লাভ কৰিব।পঞ্চায়ত প্ৰতিনিধিসকলৰ এই পাৰিতোষিকৰ বাবদ ৰাজকোষৰ পৰা ৬৬ কোটি ৮৪লাখ ২৫হাজাৰ টকা ব্যয় হ’ব।এই পাৰিতোষিক মঞ্জুৰ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে সকলো পঞ্চায়ত প্ৰতিনিধিসকলক তেওঁলোকৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ আহ্বান জনায়।

Ajanta NeogDA News Plus
Comments (0)
Add Comment