দৰং প্ৰৱেশত NO ENTRY আৰক্ষীৰ!

ডিজিটেল ডেস্কঃ দৰং প্ৰৱেশত আৰক্ষীৰ বাধা। দৰং অভিমুখী বাহনৰ ক্ষেত্ৰত কঠোৰ হৈছে প্ৰশাসন। দৰং অভিমুখী বাহনত অব্য়াহত আছে আৰক্ষীৰ চেকিঙ । যাত্ৰীবাহী বাহন দৰঙত প্ৰৱেশত এক প্ৰকাৰ নিষেধাজ্ঞা আৰোপ কৰিছে আৰক্ষীয়ে।

ধলপুৰ কাণ্ডৰ বাবেই আৰক্ষীৰ এই সতৰ্কতা। দৰঙত ৰাজ্যৰ অন্য প্ৰান্তৰ লোক প্ৰৱেশ কৰি যাতে পৰিস্থিতি অশান্ত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীৰ এই সাৱধানতা। আৰক্ষীৰ এই তৎপৰতাত দৰং অভিমুখী যাত্ৰীৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

DA News Plusdarrangpolice checking
Comments (0)
Add Comment