কোকৰাঝাৰ আৰক্ষীৰ জালত ULBৰ ৩ সদস্য

ডিজিটেল ডেস্কঃ উল্টাপানীত ২ ULB কেডাৰ এনকাউণ্টাৰৰ বিতৰ্ক অব্যাহত থকাৰ মাজতে বুধবাৰে কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিল উগ্ৰপন্থী সংগঠনটোৰ ৩ সদস্য৷ টিপকাই বগৰীবাৰীৰ পৰা কোকৰাঝৰ আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰে দৈদুন ব্ৰহ্ম নামৰ কেডাৰটোক৷ দৈদুনৰ স্বীকাৰোক্তিৰ ভিত্তিত আনন্দ নাৰ্জাৰী আৰু সাদাৰাম ব্ৰহ্ম নামৰ আন ২ কেডাৰক গ্ৰেপ্তাৰ কৰে কোকৰাঝাৰ আৰক্ষীয়ে৷ আৰক্ষীৰ জেৰাত দৈদুনে সদৰী কৰিছে বহু বিস্ফোৰক তথ্য৷ শেহতীয়াকৈ ভিডিঅ’ বাৰ্তাযোগে অক্টোবৰৰ পৰা ৰাজ্যত কূটাঘাতৰ ভাবুকি দিয়া ULBৰ মুখ্য সেনাধ্যক্ষজন প্ৰিনজিৎ বসুমতাৰী৷

ৰঙিয়া আৰু বাক্সাৰ সীমান্তৱৰ্তী পাথৰকোঁৱেৰীত ULBৰ ভাবুকি সম্বলিত সেই ভিডিঅ’ বাৰ্তাটো ৰেকৰ্ড কৰা হৈছলি৷ কোকৰাঝাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰী কৰা মতে ULBৰ মুখ্য সেনাধ্যক্ষ প্ৰিনজিতৰ ঘৰ গোসাঁইগাঁৱত৷ প্ৰিনজিতৰ বিৰুদ্ধে হত্যা-অপহৰণকে ধৰি প্ৰায় ১০টা গোচৰ ৰুজু হৈ আছে৷ ভাবুকি সম্বলিত ভিডিঅ’টোত থকা ১৪জন কেডাৰক ইতিমধ্যে চিনাক্ত কৰা হৈছে৷ ইয়াৰে ডুবি ব্ৰহ্ম, খুংখা ব্ৰহ্ম, দৈদুন ব্ৰহ্ম আৰু সুদেম ব্ৰহ্মৰ বিৰুদ্ধেও আছে বহু অভিযোগ৷ ULBৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে বুলি সদৰী কৰে ASP পানেছাৰে৷

DA News Pluskokrajhar ulb
Comments (0)
Add Comment