কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বোকাখাত নাট্যমন্দিৰত ৪৫০ টা আত্মসহায়ক গোটক আৰ্থিক সাহাৰ্য্য প্ৰদান

ডিজিটেল ডেক্সঃ বোকাখাতত গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনৰ হিতাধিকাৰীক আৰ্থিক সাহাৰ্য্য প্ৰদান। মূখ্যমন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন যোজনাৰ আত্মসহায়ক গোটলৈ গৰু, গাঁহৰী, ছাগলী আদি পুহি স্বাৱলম্বী হবলৈ এই আঁচনিৰ জৰিয়তে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হৈছে।

বৃহস্পতিবাৰে, বোকাখাত নাট্যমন্দিৰত কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বোকাখাত বিধানসভা সমষ্টিৰ ৪৫০ টা আত্মসহায়ক গোটক ১০ কোটি ৩৭ লাখ টকাৰ আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰে।

উল্লেখ্য যে, এই আৰ্থিক সাহাৰ্য্য লাভ কৰা গোট সমূহৰ ভিতৰত দিব্যাংগ ব্যক্তিৰে গঠিত গোটো আছে। এই ধনাদেশ প্ৰদান কাৰ্যসূচীত কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালিকা ইন্দিৰা কলিতাও উপস্থিত থাকে।

BokakhatDA News Plus
Comments (0)
Add Comment