প্ৰায় দুমাহৰ মূৰত জামিন লাভ কৰিলে পৰ্ণ কাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰাই

ডিজিটেল ডেস্কঃ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই অৱশেষত জামিন লাভ কৰিলে। পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগত আটক হৈছিল ব্য়ৱসায়ী ৰাজ কুন্দ্ৰা। প্ৰায় দুমাহ কাৰাবন্দী হৈ আছিল অভিযুক্ত কুন্দ্ৰা । অৱশেষত মুম্বাইৰ এখন আদালতে ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰে অভিযুক্তগৰাকীক।

উল্লেখ্য যে, যোৱা ১৯ জুলাইত পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগত মুম্বাইৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছিল শিল্পা চেট্টীৰ স্বামী, ব্যৱসায়ী ৰাজ কুন্দ্ৰাক। কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত মুম্বাইৰ মাড আইলেণ্ডৰ এটা অট্টালিকাত তালাচী চলোৱাৰ সময়ত মুম্বাই আৰক্ষীয়ে পৰ্ণ কাণ্ডৰ কেতবোৰ চাঞ্চল্যকৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰ পিছত প্ৰায় দুমাহ কাৰাবন্দী হৈ আছিল অভিযুক্ত ৰাজ কুন্দ্ৰা।

DA News Plusporn caserajkundra leaves jail
Comments (0)
Add Comment