হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী

ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰৰ মণ্ডল পাৰাত বি এছ এফৰ গুলীচালনা। সোমবাৰে সন্ধিয়া ৭ মান বজাত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত উজান ঝগৰাৰ চৰৰ মণ্ডল পাৰা গাওঁৰ মহম্মদ মণ্ডলৰ মৃত্যু হয়। মঙলবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল, অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়াৰ লগতে বি এছ এফৰ উচ্চ পৰ্যায়ৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে।

উল্লেখ্য় যে, গুডলি গাওঁ সীমান্ত সুৰক্ষা চকী আৰু দ্বীপচৰ সীমান্ত চকীৰ মাজৰ ভাৰত-বাংলাদেশ সীমান্তৰ মণ্ডল পাৰাৰ কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাঁহৰ কেৰেঙেৰে বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিবলৈ লোৱা অৱস্থাত বি এছ এফে মহম্মদ মণ্ডলক গুলিয়াই হত্যা কৰে।

bsf encounterDA News PlusMankachar
Comments (0)
Add Comment