মহানগৰীৰ সমীপৱৰ্তী ৰাণীত অঘটন,বন্যহস্তীৰ আক্ৰমণত নিহত যুৱক

ডিজিটেল ডেস্কঃ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে বন্য়হস্তীৰ আক্ৰমণ। এইবাৰ ৰাণীৰ আন্ধেৰীজুলিৰ হাথাবড়ী খেতিপথাৰত পুনৰ বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন যুৱক। নিহত যুৱকজনৰ নাম ৰাজীৱ বড়ো । নিহত ৰাজীৱ বড়োৰ বয়স (৩৪), ৰবিবাৰে নিশা প্ৰায় ১ বাজি ১০ মিনিটত সংঘটিত হয় এই কৰুণ ঘটনা।

সম্প্ৰতি ৰাণী আৰক্ষী চকীত ৰখা হৈছে নিহত বড়োৰ মৃতদেহ। উল্লেখ্য যে, প্ৰায়েই বৃহত্তৰ ৰাণী অঞ্চলত বন্যহস্তীৰ আক্ৰমণত নিৰীহ খেতিয়ক মৃত্যু মুখত পৰা পৰিলক্ষিত হৈছে।

DA News Pluselephant attackRani
Comments (0)
Add Comment