দিল্লীৰ যন্তৰ মন্তৰত জাতীয় শ্ৰমিক শক্তিৰ ধৰ্ণা

ডিজিটেল ডেস্কঃ অসমৰ চাহ জোনগোষ্ঠীয় লোকসকলৰ লগতে কয়লা খনিকে ধৰি অন্যান্য খণ্ডত নিয়োজিত শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দাবীত আজি অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক শক্তিয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ নেশ্যনেল ফ্ৰন্ট অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠনটোৰ সৈতে যুটীয়াভাৱে ৰূপায়ন কৰা এই কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন চাহ বাগান এলেকাৰ পৰা যোৱা কেইবাশ জাতীয় সেৱকে অংশগ্ৰহণ কৰে৷

জাতীয় শ্ৰমিক শক্তিৰ সভাপতি ইজৰাইল নন্দৰ নেতৃত্বত প্ৰতিবাদীসকলে ‘চাহ উদ্যোগ বচাওক, শ্ৰমিক বচাওক’, ‘কয়লা খনি লীজত দিয়া বন্ধ কৰক’, ‘কয়লা শ্ৰমিকৰ গ্ৰেচুইটিৰ ধন মোকলাই দিয়ক’, ‘কাছাৰ আৰু জাগীৰোড কাগজ কল পুনৰ আৰম্ভ কৰক’, ‘চাহ বাগিচাৰ মাটি অন্য কামত ব্যৱহাৰ বন্ধ কৰক’, ‘চাহৰ আমদানি নিষিদ্ধ কৰি ৰপ্তানিত জোৰ দিয়ক’, ‘চাহ শ্ৰমিকৰ মজুৰী কমেও ৩৫১ টকালৈ বৃদ্ধি কৰক’, ‘নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট সোনকালে নিৰ্মাণ কৰক’ আদি দাবীৰে শ্লোগান দিয়ে৷

দিল্লীত ৰূপায়িত হোৱা এই ধৰ্ণা কাৰ্যসূচী সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি গুৱাহাটীত কয় যে চাহ জনগোষ্ঠীকে ধৰি অন্য সকলো খণ্ডৰ শ্ৰমিকসকল সদায়ে চৰকাৰৰ দ্বাৰা উপেক্ষিত হৈ আহিছে৷ নিজৰ দেহবল ক্ষয় কৰি দেশ মাতৃৰ প্ৰতি সেৱা আগবঢ়াই অহা শ্ৰমিক শ্ৰেণীটোৰ সমাজৰ প্ৰতি অৱদান কৰ্পোৰেট গোষ্ঠীসমূহতকৈ কোনো গুণে কম নহয়৷ অথচ চৰকাৰে কৰ্পোৰেট গোষ্ঠীসমূহৰ স্বাৰ্থ সিদ্ধিক সদায় আগস্থান দি আহিছে, কিন্তু শ্ৰমিক শ্ৰেণীটোৰ ন্যায্য প্ৰাপ্যখিনি দিয়াৰ ক্ষেত্ৰতো হুঁহকা-পিচলা কৰি আহিছে৷ এনে প্ৰক্ষাপটত শ্ৰমিক শ্ৰেণীৰ দাবী চৰকাৰৰ ওচৰত উপস্থাপন কৰাৰ ক্ষেত্ৰত জাতীয় পৰিষদ শ্ৰমিক সংগঠনসমূহৰ সৈতে সদায় থাকিব৷

অসমৰ পৰা গৈ দিল্লীৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শ্ৰমিক শ্ৰেণীৰ ন্যায্য দাবীসমূহ উত্থাপন কৰা জাতীয় শ্ৰমিক শক্তিৰ নেতা-কৰ্মীসকলক গগৈয়ে ধন্যবাদ জনায়৷

DA News Plusdelhi jantar mantarProtest
Comments (0)
Add Comment