অসমত প্ৰথমবাৰৰ বাবে গঁড়ৰ খড়্গ দাহৰ প্ৰস্তুতি


ডিজিটেল ডেস্কঃ বোকাখাতত গঁড়ৰ খড়্গ দাহনৰ প্ৰস্তুতি। ২২ চেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৪৭৯ টা খড়্গ দহন কৰা হ’ব। অসমৰ বিভিন্ন বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ কৰি কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ ২৬২৩ টা খড়্গৰ ভিতৰত বিভিন্ন আকাৰৰ ৯৪ টা খড়্গ পুনৰ সংৰক্ষণ কৰি ৰখাৰ লগতে ৫০ টা খড়্গ আদালতৰ বিচাৰাধীন হৈ থকাৰ বাবে মজুত ৰাখিছে বন বিভাগে।

ইয়াৰে ২৪৭৯ টা খড়্গ দাহনৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ সহযোগত বন বিভাগে বিশাল আয়োজন চলাইছে। বোকাখাত ৰাজহুৱা খেলপথাৰত ৬ টা চৌকা স্থাপন কৰি বিশেষ পদ্ধতি অৱলম্বন কৰি মুঠ ২৪৭৯ টা খড়্গ দাহ কৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে।

উল্লেখ্য় যে, ১৯৭৯ চনলৈকে বন বিভাগে গঁড়ৰ খড়্গ নিলাম কৰাৰ ব্যৱস্থা ৰাখিছিল যদিও ১৯৮০ চনৰ পৰা আজি লৈকে ৰজ্যৰ বিভিন্ন কোষাগাৰত সংৰক্ষন কৰি ৰখা খড়্গ সমূহ দাহ কৰাৰ ব্যৱস্থা গ্ৰহন কৰিছে বন বিভাগে।

BURNDA News PlusHORNRHINO
Comments (0)
Add Comment