এইবাৰ বাংলাদেশৰ পৰা চুৰি কৰবলৈ আহিল অসমলৈ, আটক হ’ল কৰিমগঞ্জত

ডিজিটেল ডেস্কঃ কৰিমগঞ্জত সীমান্ত আৰক্ষীৰ হাতত আটক হৈছে এগৰাকী বাংলাদেশী চোৰ । আটক হোৱা চোৰটোৰ নাম আবুল হাছান । কাঁইটীয়া তাৰৰ বেৰ কাটি ভাৰতত প্ৰৱেশ কৰি সীমান্ত এলেকাৰ পৰা ম’হ চোৰ কৰিবলৈ আহি সীমান্ত আৰক্ষীৰ হাতত আটক হৈছে ধৃত চোৰটো।

আটক হোৱা আবুল হাছানৰ ঘৰ বাংলাদেশৰ মৌলবিবজাৰ জিলাৰ বুবাৰথল গাঁওত । ধৃত চোৰৰ পৰা জব্দ হৈছে কাইটিয়া তাৰ কটিবলৈ ব্যবহাৰ হোৱা কাটিং প্লায়াৰ আৰু চুকা অস্ত্ৰ । ধৃত আবুল হাছান’ৰ স্বীকাৰোক্তি মতে তিনিজনীয়া এটা চোৰৰ দল ভাৰতৰ সীমান্ত এলেকাত থকা গাঁওৰ পৰা ম’হ চোৰ কৰিবলৈ শুকুৰবাৰে গভীৰ নিশা কাঁইটীয়া তাৰৰ বেৰ কাটি ভাৰতত প্ৰৱেশ কৰিছিল ।

উল্লেখযোগ্য যে, সীমান্ত এলেকাত বাংলাদেশী চোৰৰ উপদ্ৰৱত একপ্ৰকাৰ অতিষ্ট হৈ পৰিছে সীমান্ত এলেকাত বসবাস কৰা ভাৰতীয় লোক । অভিযোগ অনুসৰি প্ৰায় প্ৰতি নিশাই গোহালিৰ পৰা চুৰ হয় গৰু ম’হ আদিকে ধৰি বিভিন্ন পোহনীয়া জীৱ জন্তু।

bangladeshbangladeshi thiefDA News PlusThief
Comments (0)
Add Comment