শান্তি চুক্তিৰ পিছত ভংগ হ’ল PDCK, ঘৰমুখী হ’ল ৩৮৭ কেডাৰ

ডিজিটেল ডেস্কঃ ৪ ছেপ্তেম্বৰত সম্পন্ন হোৱা কাৰ্বি শান্তি চুক্তিৰ পাছতেই ভংগ কৰা হৈছে এটাৰ পাছত আন এটা চুক্তি স্বাক্ষৰকাৰী বিদ্ৰোহী সংগঠন। শিবিৰ ত্যাগ কৰি আপোন ঘৰখনলৈ ৰাওনা হৈছে সংগঠনৰ সকলো নেতা- সদস্য। UPLAৰ পাছত শনিবাৰে আনুষ্ঠানিকভাৱে ডিফুত ভংগ কৰা হ’ল দ্বিতীয়টো চুক্তি স্বাক্ষৰকাৰী সংগঠন PDCK ।

ডিফুৰ ফাৰ্মাছ গ্ৰ’থ চেণ্টাৰত আয়োজিত সংগঠনটোৰ এক সভাত ভংগ কৰা হয় PDCK সংগঠনটো। শীৰ্ষ নেতৃত্বকে ধৰি সংগঠনটোৰ মুঠ ৩৮৭ গৰাকী সদস্যৰ উপস্থিতিত পতাকা উত্তোলনেৰে অনুষ্ঠিত হয় এই সভা। উক্ত সভাতে সংগঠনটো ভংগ কৰা বুলি ঘোষণা কৰে সংগঠনটোৰ অধ্যক্ষ ছংবিজিত ইংতি কাথাৰে।

ইফালে এই শান্তি চুক্তিক লৈ সুখী বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে PDCKৰ অধ্যক্ষ গৰাকীয়ে। PDCK ৰ সশস্ত্ৰ সংগ্ৰাম ৰক্তপাতহীনভাৱে সফল সামৰণি পৰা বুলি মন্তব্য কৰে ছংবিজিতে।

DA News Pluskarbi peace accordpdck
Comments (0)
Add Comment