দুধনৈত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিশেষ কাৰ্যসূচী

ডিজিটেল ডেস্কঃ দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ত কৃষি বিজ্ঞান কেন্দ্ৰই পৰিপুষ্টি সম্পৰ্কত মহিলা সকলৰ মাজত এক সজাগতা সভা অনুষ্ঠিত কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০২২ চনৰ ভিতৰত দেশক পুষ্টিহীনতাৰ পৰা মুক্ত কৰাৰ লক্ষ্যক আগবঢ়াই নিয়াৰ উদ্দেশ্যে আয়োজন এই কাৰ্যসূচীৰ ৷

এই সজাগতা সভাত কেনেদৰে পুষ্টিহীনতাৰ পৰা মুক্ত হৈ নিৰোগী হৈ থাকিব পাৰি তাৰ বাবে মহিলা সকলৰ মাজত বিশেষ সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয় ৷ এই অনুষ্ঠানৰ জৰিয়তে বৃক্ষৰোপণ কাৰ্যসূচীৰো আয়োজন কৰা হয় ৷ লগতে ১০০ গৰাকী কৃষকৰ মাজত শীতকালত হ’ব পৰা বিভিন্ন সুষম খাদ্যৰ বীজ যোগান ধৰাৰ লগতে পৰুষ-মহিলা সকলৰ মাজত ফল-মূলৰ গছ পুলি বিতৰণ কৰা হয় ৷ আনহাতে অনুষ্ঠানত কেইবাগৰাকীও কন্যাকাল লাভ কৰা যুৱতীৰ লগতে পুষ্টিহীনতাত ভোগা শিশু সকলক সুষম আহাৰ যোগান ধৰা হয় ৷

উল্লেখ্য যে , সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলাখনতো প্ৰতিবছৰে বহু শিশুৰ লগতে মহিলা সকলো পুষ্টিহীনতাত ভোগী আহিছে ৷ সেয়ে কেনেকৈ মহিলা, শিশু আৰু যুৱতী সকলক পুষ্টিহীনতাৰ পৰা মুক্ত কৰি নিৰোগী কৰি তুলিব পাৰি তাৰ বাবে এই বিশেষ সজাগতা সভাৰ আয়োজন কৰা হৈছে ৷

এই অনুষ্ঠানত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া সকল ৷

DA News PlusDudhnoiGoalpara
Comments (0)
Add Comment