বিহপুৰীয়াত খেতিয়কৰ বিলৈ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে অহা এজাক শিলাবৃষ্টিয়ে ব্যাপক ক্ষতি সাধন কৰিলে বিহপুৰীয়াৰ কৃষকৰ। বিঘাই বিঘাই ৰবিশস্যৰ পথাৰ অনিষ্ট কৰিলে শিলাবৃষ্টিয়ে। যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিহপুৰীয়াৰ কৃষক সকলৰ মাজত।
           
উল্লেখ্য় যে, বিগত কেইদিনমানত অনুকুল পৰিৱেশৰ বাবে কবি বেঙেনা আৰু বিলাহীৰ খেতি আৰম্ভ কৰিছিল বিহপুৰীয়াৰ কৃষক সকলে ৷ কিন্তু বতৰে দিয়া বিধি পথালিৰ বাবেই ব্যাপক লোকচানৰ সন্মুখীন হ’ল কৃষক সকল ৷
          
মুৰে কপালে হাত দিব লগা হোৱা এই সকল কৃষকে আজিৰ দিনটোত কৃষি ফাৰ্ম সমূহৰ অৱস্থা দেখি নেদেখাজনৰ ওপৰতে সকলো এৰিছে। সেয়েহে ৰাজ্যৰ কৃষি বিভাগে এই ক্ষেত্ৰত বিহিতি ব্যৱস্থা গ্ৰহণ কৰিৱলৈ দুৰ্ভগীয়া কৃষক সকলে দাবী জনাইছে।

Bihpuriabihpuria farmerDA News Plus
Comments (0)
Add Comment