দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে পাঠশালাত গছপুলি ৰোপন

ডিজিটেল ডেস্কঃ প্ৰতিবছৰৰ দৰে এইবেলিও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে বজালীৰ বিভিন্ন ঠাইত ৰোপণ কৰা হ’ল গছপুলি। প্ৰতিবছৰৰ দৰে এইবাৰো মোডীৰ জন্মদিনত গ্ৰীণ মিচন বজালী আৰু অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ আনন্দ খাটনীয়াৰৰ তত্বাৱধানত ৰোপণ কৰা হ’ল হেজাৰৰো অধিক গছপুলি। তাৰ পূৰ্বে যোৱাবাৰো প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিন উপলক্ষে ৰোপণ কৰা গছপুলি সমূহ পৰিচৰ্যা কৰা দেখা গ’ল গ্ৰীণ মিচন বজালীৰ কৰ্মী সকলক।

উল্লেখযোগ্য যে, দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিনটোত পূৰ্বে বজালীৰ পাঠশালাৰ পৰা নিত্যানন্দলৈ যোৱা প্ৰায় ৮ কিলোমিটাৰ যোৰা পথছোৱাতো ৰোপণ কৰিছিল বহুসংখ্যক গছপুলি। সম্প্ৰতি সেইসমূহ গছপুলি লহপহকৈ বাঢ়ি এক দৃষ্টিনন্দন পৰিবেশে বিৰাজ কৰিছে পথছোৱাত।

আনহাতে বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ আনন্দ খাটনীয়াৰে কয়, বজালীৰ ৰাইজৰ বহুদিনীয়া এটা আহ্বান আছিল যে গোটেই বজালীখনতে গছপুলি ৰোপণ কৰিব লাগে। যাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিনটোত ব্ৰেণ্ড এম্বেছাদৰ গৰাকীয়ে একক প্ৰচেষ্টাৰে গছপুলি ৰোপণ কৰাৰ কাম হাতত লোৱা বুলি মত পোষণ কৰে ।

bajaliDA News PlusNalbaripm birthday
Comments (0)
Add Comment