দক্ষিণ শালমাৰা মানকাচৰৰ পৰা ধুবুৰীলৈ এটা ইঞ্জিন চালিত নাও চলাচল বন্ধ, যাত্ৰীৰ মাজত হাহাকাৰ

ডিজিটেল ডেস্কঃ মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ পিছতে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু ধুবুৰী জিলা প্ৰশাসনে এটা ইঞ্জিন চালিত নাও (ফেৰী) সেৱা সমূহ বন্ধ কৰি দিছে। যাৰ ফলত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জলপথৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কেইবাটাও ফেৰী ঘাটৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ যাত্ৰীয়ে জলপথে যাতায়ত কৰে ধুবুৰীলৈ ৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত মৰ্মে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু ধুবুৰী জিলা প্ৰশাসনে যাতায়তৰ বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ অপৰিকল্পিত ভাৱে এটা ইঞ্জিন যুক্ত নাও ( ফেৰী) সমূহ বন্ধ কৰি দিয়াত জল পথৰ যাত্ৰী সমূহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

এনেদৰে ফেৰী সমূহ বন্ধ হৈ থাকিলে দক্ষিণ শালমাৰা মানকাচৰ জিলাবাসী খাদ্য সংকটত পৰাৰ আশংকা কৰা হৈছে। কাৰণ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা ধুবুৰী লৈ যোৱাৰ বাবে জল পথৰ বাহিৰে অসমৰ মাজেৰে যাতায়তৰ আন কোনো বিকল্প নাই ৷

DA News PlusDhubriFerrySouth salmara
Comments (0)
Add Comment