ফেচবুক ব্যৱহাৰকৰোতে সাৱধান হওঁক, চাইবাৰ অপৰাধীৰ টাৰ্গেট এতিয়া ফেচবুক

ডিজিটেল ডেস্কঃ জোনাইৰ এজন জ্য়েষ্ঠ সাংবাদিকৰ ফেচবুক একাউণ্ট হেক। বৰ্তমান সময়ত সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰে I মানুহ যিমানে ডিজিটেল হৈছে , দুৰ্বৃত্তই সিমানেই টকা হৰলুকি কৰাৰ ন ন কৌশল অৱলম্বন কৰিছে I এনে এক ঘটনা সংগঠিত হৈছে ধেমাজি জিলাৰ জোনাই মহকুমাত I এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট হ’ল জোনাইৰ এজন জ্য়েষ্ঠ সাংবাদিক। জ্য়েষ্ঠ সাংবাদিক অনুজ কুমাৰ প্ৰজাপতিৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি কোনো অজ্ঞাত দুৰ্বৃত্তই বিভিন্ন জনৰ পৰা ধন হৰলুকিৰ চেষ্টা চলায়।

সাংবাদিক জনৰ ভুৱা ফেচবুক একাউণ্টৰ জৰিয়তে অজ্ঞাত দুৰ্বৃত্তই বৃহস্পতিবাৰে নিশা বিভিন্ন জনক চিকিৎসালয়ত সংকটজনক অৱস্থাত থকা বুলি কৈ টকাৰ সহায় বিচাৰে I সাংবাদিকজনে জানিবলৈ দিয়া মতে তেওঁৰ ভুৱা ফেচবুক একাউণ্টৰ জৰিয়তে দুৰ্বৃত্তই ইতিমধ্যে এজনৰ পৰা লুটিনিলে পাঁচ হাজাৰ টকা I

এই বিষয়ে সাংবাদিক জনে জ্ঞাত হোৱাৰ পাছত জোনাই থানাত এজাহাৰ দাখিল কৰে। তদুপৰি সাংবাদিক অনুজ কুমাৰ প্ৰজাপতিয়ে সকলো লোককে এনে দুৰ্বৃত্তৰ পৰা সাৱধানে থাকিবলৈ আহ্বান জনায় I

cyber crimeDA News Plusjonai
Comments (0)
Add Comment