২০২০ চনত প্ৰতিদিনে গড়ে ৭৭টা ধৰ্ষণ আৰু ৮০টাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল দেশত,ncrb ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য

ডিজিটেল ডেক্সঃ ২০২০ চনত প্ৰতিদিনে গড়ে ৭৭টা ধৰ্ষণ আৰু ৮০টাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল দেশত ৷ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য৷ বছৰটোত ২৮ হাজাৰ ৪৬টা ধৰ্ষণকাণ্ডৰ বিপৰীতে ২৯ হাজাৰ ১৯৩টা হত্যাকাণ্ড সংঘটিত হৈছিল দেশখনত ৷

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্যত পোৱা গৈছে যে বছৰটোত ৩ লাখ ৭১ হাজাৰ ৫০৩টা নাৰীজনিত অপৰাধ সংঘটিত হৈছে ৷ সৰ্বাধিক ধৰ্ষণকাণ্ডৰ গোচৰ পঞ্জীয়ন হৈছে ৰাজস্থানত ৷ ৰাজস্থানত ৫ হাজাৰ ৩১০টা ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে পৰৱৰ্তী স্থানত আছে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু অসম ৷ ১ হাজাৰ ৬৫৭টা ধৰ্ষণকাণ্ডৰে দেশৰ ভিতৰতে পঞ্চম স্থানত আছে অসম ৷

CrimeDA News PlusIndiaNCRB
Comments (0)
Add Comment