বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল কেবিনেটত?

ডিজিটেল ডেক্সঃ বৃহস্পতিবাৰে, ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান। প্ৰতিটো শ্ৰেণী কোঠাত থাকিব লাগিব ৩০জনকৈ শিক্ষাৰ্থী। প্ৰয়োজনত বিদ্যালয়ে বৃদ্ধি কৰিব লাগিব শ্ৰেণীৰ শাখা।শিক্ষানুষ্ঠান খোলাৰ পূৰ্বেই ছেনিটাইজেশ্যন কৰিব লাগিব।আজিৰে পৰা ছেনিটাইজেশ্যন কৰাৰ আহ্বান কৰ্তৃপক্ষক। এসপ্তাহ পৰ্যবেক্ষণৰ পিছত পাঠদান আৰম্ভ কৰাৰ এই সিদ্ধান্ত।সকলো শিক্ষাৰ্থীক প্ৰস্তুত হৈ থাকিবলৈ আহ্বান শিক্ষা মন্ত্ৰীৰ।পৰ্যায়ক্ৰমে বাকী শ্ৰেণীৰো পাঠদান আৰম্ভ কৰাৰ চিন্তা-চৰ্চা।

ইপিনে, বন বিভাগৰো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত লোৱা হৈছে। বিভাগীয় মন্ত্ৰীয়ে সংবাদ মাধ্যমক জনালে কেবিনেটৰ সিদ্ধান্ত। ৰাজ্যত মৃত্যু হোৱা গঁড়ৰ ২,৬২৩টা খড়্গ জমা আছে। ২,৬২৩টা খড়্গৰ ৫০টাৰ গোচৰ চলি আছে। ৯৪টা গঁড়ৰ খড়্গ সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত। ২,৪৭৯টা খড়্গ ধ্বংস কৰাৰ সিদ্ধান্ত কেবিনেটৰ। ৯৪টা খড়্গ কাজিৰঙাত মিউজিয়াম নিৰ্মাণ কৰি ৰখাৰ ব্যৱস্থা। এই মিউজিয়ামত থাকিব বন্যপ্ৰাণীৰ বিভিন্ন অংগ-প্ৰত্যংগ। ৫০টা খড়্গ গোচৰ সম্পন্নৰ পিছত লোৱা হ’ব সিদ্ধান্ত।

প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাক লৈয়ো সিদ্ধান্ত কেবিনেটত। হিতাধিকাৰীয়ে দিব লগা ২ শতাংশ চৰকাৰে দিয়াৰ সিদ্ধান্ত। জলসম্পদ বিভাগৰ কামকাজৰ বাবে ৯৮ কোটি টকা মুকলি। নাবাৰ্ড-২৭ৰ পৰা এই ধন মুকলি কৰি দিয়াৰ কথা ঘোষণা।

আনহাতে, GMC এলেকাৰ ৰিক্সা-ঠেলাৰ পঞ্জীয়নৰ মাচুল দিব নালাগে। অনুজ্ঞাপত্ৰ গ্ৰহণ-নৱীকৰণত দিব নালাগে কোনো মাচুল।
অনলাইনযোগে GMCৰ অনুজ্ঞাপত্ৰ দিয়াৰ চিন্তা-চৰ্চা কৰা হৈছে। স্বাস্থ্য আৰু শিক্ষাৰ বাবে PWDত সুকীয়া পদ সৃষ্টি। সুকীয়া মুখ্য অভিযন্তাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অভিযন্তাজনৰ দায়িত্বত থাকিব স্বাস্থ্য-শিক্ষা বিভাগ।স্বাস্থ্য-শিক্ষা বিভাগত গুৰুত্ব দিয়াৰ বাবে এই সিদ্ধান্ত।মন্ত্ৰী কেশৱ মহন্ত, ৰণোজ পেগুৱে জনালে কেবিনেটৰ সিদ্ধান্ত।

AssamCabinetDA News Plus
Comments (0)
Add Comment