পেঞ্চন সঞ্চালকালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ ঘোষণা, প্ৰতি মাহে সম্পন্ন কৰা হ’ব ১ হাজাৰ পেঞ্চনৰ কাম

ডিজিটেল ডেক্সঃ পেঞ্চন সঞ্চালকালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ ঘোষণা ৷ প্ৰত্যেক মাহতে সম্পন্ন কৰা হ’ব ১ হাজাৰ পেঞ্চনৰ কাম ৷ ছমাহৰ পূৰ্বে পৰ্টেলত চাকৰিৰ তথ্য আপলোড কৰি থোৱা সকলে পাব বিশেষ সুবিধা। ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা অৱসৰপ্ৰাপ্ত লোকসকলে পৰ্টেলত আপলোড কৰিলে অৱসৰৰ দিনাই লাভ কৰিব পেঞ্চনৰ কাগজ ৷

ইপিনে, অবিবাহিত ছোৱালী থাকিলেও পিতৃ-মাতৃৰ পেঞ্চনৰ সুবিধা লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি বৰ্তমানেও ৩ হাজাৰ পেঞ্চনৰ কেছ নিষ্পত্তি কৰিবলৈ বাকী আছে ৷ ৩ হাজাৰ কেছ সম্পূৰ্ণ নোহোৱা পৰ্য্যন্ত পিছৰ মাহৰ পৰা ১৫০০ টা কেছ কৈ প্ৰতিমাহত কৰা হ’ব।

ক’ৰোনা সম্পৰ্কত মুখ্যমন্ত্ৰীৰ মন্তব্য- ক’ভিড ভেকচিন লৈ মানুহ মৰা নাই, ক’ভিডৰ ভেকচিন নল’লেহে মানুহ মৰিব। মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্য- অপৰাধীক দিয়া হ’ব ডবল ড’জ ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে উচ্চতম ন্যায়ালয়ৰ মতে, বন্ধ হৈ থকা ৪০ লাখ লোকৰ আধাৰ কাৰ্ডৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ’ব। ৩১ মাৰ্চৰ পাছত সকলোৱে পাব আধাৰ কাৰ্ড।

AssamCMDA News PlusPension
Comments (0)
Add Comment