চিকিৎসক স্বামীৰ অপকৰ্মৰ কথা জনাৰ বাবেই বেজী দি সংজ্ঞাহীন কৰি ৩ মাহে আবদ্ধ কৰি ৰখাৰ অভিযোগ পত্নীৰ

ডিজিটেল ডেক্সঃ চিকিৎসকৰ বিৰুদ্ধে পাৰিবাৰিক হিংসাৰ অভিযোগ ৷ ইতিমধ্যে পত্নীয়ে চিকিৎসক স্বামীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷ স্বামীৰ অপকৰ্মৰ কথা জনাৰ বাবেই চিকিৎসক স্বামীয়ে পত্নীক টোপনিৰ বেজী দি তিনিমাহে সংজ্ঞাহীন কৰি আবদ্ধ কৰি ৰখাৰো অভিযোগ ৷ নগাঁও জিলাৰ ৰহাৰ ৰণথলীৰ বাসিন্দা তথা ৰণথলী প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ জ্যেষ্ঠ চিকিৎসক গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে এই অভিযোগ পত্নীৰ৷

পত্নীৰ অভিযোগ মতে, পত্নীয়ে চিকিৎসক স্বামীয়ে পূৰ্বতে দুগৰাকী যুৱতীক বিয়া কৰোৱাৰ তথ্য লাভ কৰে। এই কথাক লৈ পত্নী আৰু স্বামীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। এই সমস্ত ঘটনা মাতৃগৃহত অৱগত কৰাব বুলি স্বামীক স্পষ্ট কৰি দিয়াত চিকিৎসক স্বামীয়ে দা লৈ পত্নীৰ ককালত ঘপিয়ায়৷

নিজ পত্নীৰ অভিযোগ মতে এনেদৰে নিতৌ বিগত তিনিমাহ ধৰি চিকিৎসক স্বামীয়ে টোপনিৰ বেজী মাৰি অচেতন কৰি ঘৰতে আবদ্ধ কৰি ৰাখিছিল। পত্নীয়ে ৭ ছেপ্টেম্বৰৰ নিশা সংজ্ঞা ঘূৰাই পোৱাত মাকক ম’বাইলযোগে মেচেজ কৰি তেওঁক উদ্ধাৰ কৰিবলৈ কয় অন্যথা তেওঁক স্বামীয়ে হত্যা কৰিব বুলি মাতৃক জানিবলৈ দিয়ে। ৮ ছেপ্টেম্বৰত নগাঁওৰ ৰহাৰ জোঁৱায়েকৰ ঘৰলৈ গৈ কন্যাক গুৱাহাটীৰ ঘৰলৈ লৈ আনে মাতৃয়ে৷

DA News PlusDoctorHarresmentNarengiwife
Comments (0)
Add Comment