চলিত মাহত আৰম্ভ হ’ব দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া

ডিজিটেল ডেস্কঃ ক’ভিড পৰিস্থিতি ক্ৰমান্বয়ে নিয়ন্ত্ৰণত অহাত ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ লাহে লাহে খুলি দিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। ইতিমধ্যে দ্বাদশ আৰু স্নাতক পৰ্যায়ৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্দিষ্ট শ্ৰেণীৰ বাবে খুলি দিয়া হৈছে শিক্ষানুষ্ঠান সমূহ। মঙলবাৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে শিক্ষানুষ্ঠান সমূহ খুলি দিয়া প্ৰসংগত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

অনলাইন ক্লাছৰ বিপৰীতে চলিত মাহত দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। অৱশ্যে পৰৱৰ্তী নিৰ্দেশ নহালৈকে হোষ্টেল সমূহ বন্ধ থাকিব।

উল্লেখ্য যে, পৰৱৰ্তী কেবিনেট বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত ল’ব ৰাজ্যচৰকাৰে।

class ten school openDA News Plusranuj peguschool open
Comments (0)
Add Comment