কৰিমগঞ্জত প্ৰায় ১০ হাজাৰৰ অধিক অবৈধ ইয়াবা টেবলেট জব্দ

ডিজিটেল ডেক্সঃ ৰাজ্যত পুনৰ বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট জব্দ হৈছে । কৰিমগঞ্জৰ বড়থলত ৰাতি আৰক্ষীয়ে অভিনযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ইয়াবা টেবলেটখিনি।

উল্লেখ্য যে, গোপন সূত্ৰৰ পম খেদি বদৰপুৰ আৰু কৰিমগঞ্জ আৰক্ষীৰ এটা বিশেষ দলে জুটিয়া অভিযানত জব্দ কৰে প্ৰায় ১০ হাজাৰৰ অধিক অবৈধ ইয়াবা টেবলেটখিনি।

ইফালে, আৰক্ষীৰ অভিযানত আটক শৰীফ উদ্দিন নামৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ী। ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

DA News PlusDrugsKarimganj
Comments (0)
Add Comment