এইবাৰ মন্ত্ৰী সকলক কঠোৰ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ, ৪৮ ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগিব ফাইলৰ কাম

ডিজিটেল ডেস্কঃ এইবাৰ মন্ত্ৰীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা কোনো মন্ত্ৰীয়ে আগৰ দৰে ফাইলৰ কাম দিনৰ পিছত দিন ধৰি পেলাই থ’ব নোৱাৰিব। কেৱল বিষয়া সকলেই নহয়, মন্ত্ৰী সকলেও নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ফাইলৰ কাম নিষ্পত্তি কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত ফাইলৰ কাম শেষ কৰিব লাগিব প্ৰতিজন মন্ত্ৰীয়ে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত মন্ত্ৰী সকলক এক প্ৰকাৰ সকীয়নী প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

৪৮ ঘণ্টাৰ ভিতৰত আমীমাংসিত হৈ থকা ফাইলৰ কাম নিষ্পত্তি কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে কোনোধৰণৰ চৰকাৰী কাম যাতে পৰি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মন্ত্ৰী আৰু আমোলাসকলক কঠোৰ সকীয়নী প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

CBINETDA News PlusHimanta Biswa Sarma
Comments (0)
Add Comment