ইউ এচ অ’পেনৰ ফাইনেলত প্ৰৱেশ লেইলাহ ফাৰ্ণাণ্ডেজৰ

ডিজিটেল ডেক্সঃ লন টেনিছত চমক সৃষ্টি কৰিছে এগৰাকী কানাডাৰ জীয়ৰী লেইলাহ ফাৰ্ণাণ্ডেজে। কানাডাৰ সুদক্ষ খেলুৱৈ ফাৰ্ণাণ্ডেজৰ বয়স মাত্ৰ ১৯ বছৰ। কিন্তু এই বয়সতে এখনৰ পিছত আন এখন মেচত শক্তিশালী বিপক্ষৰ খেলুৱৈক পৰাভূত কৰি এইবাৰ ইউ এচ অ’পেনত চমক সৃষ্টি কৰিছে ফাৰ্ণাণ্ডেজে।

উল্লেখ্য যে, শুক্ৰবাৰে দুঘণ্টাৰো অধিক সময় ধৰি চলা ইউ এচ অ’পেনৰ শ্বাসৰুদ্ধকৰ প্ৰথমখন মহিলাৰ ছিংগলছত প্ৰতিপক্ষ চাবালেংকাক ৭-৬, ৪-৬, ৬-৪ চেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ফাৰ্ণাণ্ডেজে।

ইপিনে, প্ৰথমটো চেটতেই প্ৰথমটো গেম তথা নিজৰ প্ৰথমটো চাৰ্ভিছ গেম হেৰুৱাই ০-৩ গেমত পিছুৱাই থকাৰ পিছতো টাইব্ৰেকাৰত ৭-৩ ত চাবালেংকাক পৰাস্ত কৰি ৭-৬ গেমত চেটতো দখল কৰে ফাৰ্ণাণ্ডেজে।

কিন্তু, দ্বিতীয়টো চেট চাবালেংকাৰ হাতলৈ যায় যদিও তৃতীয় তথা অন্তিমটো চেটত চাবালেংকাৰ ক্ৰমাগত ভুল আৰু নিজৰ মানসিক দৃঢ়তাৰ বলত ফাৰ্ণাণ্ডেজে ৬-৪ ত পৰাস্ত কৰে চাবালেংকাক।

উল্লেখ্য যে, আজি ইউ এচ অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰথমবাৰৰ বাবে কোনো গ্ৰেণ্ডশ্লামত ফাইনেলত পদাৰ্পন কৰিলে ফাৰ্ণাণ্ডেজে। অহা ১১ চেপ্টেম্বৰ অৰ্থাৎ কাইলৈ নিউইয়ৰ্কৰ সময়মতে বিয়লি ৪ বজাত ( ভাৰতীয় সময়মতে নিশা ১০.৩০ বজাত, ১২ চেপ্টেম্বৰত ) অনুষ্ঠিত হ’ব মহিলাৰ ছিংগলছৰ ফাইনেল মেচখন।

CanadaDA News PlusTennisUS Open
Comments (0)
Add Comment