দক্ষিণ আফ্ৰিকাত অসমৰ ছাত্ৰী সমৃদ্ধিলৈ উৎকৰ্ষতাৰ বঁটা

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্রিকাৰ Cuuro Academy Pretoriaৰ চতুৰ্থ শ্রেণীৰ ছাত্রী শ্রীমতী সমৃদ্ধি গোহাঁইয়ে তাইৰ সদ্য প্রকাশিত কিতাপ “3 Epic Adventures” ৰ বাবে ২০২১ বৰ্ষৰ দক্ষিণ আফ্রিকাৰ মহীয়ষী মহিলা চাৰ্লট মাক্সেকেৰ সোঁৱৰণত প্রদান কৰা বঁটা লাভ কৰিছে। সমৃদ্ধি দক্ষিণ আফ্ৰিকাৰ প্ৰিট’ৰিয়াত কৰ্মৰত বিজ্ঞানী ডঃ মুকুট গোহাই আৰু সংগীতা বৰুৱাৰ একমাত্ৰ কন্যা৷ সমাজত বিভিন্ন শিতানত প্রভাব পেলাবলৈ সক্ষম হোৱা মহিলা সকলক এই বঁটাৰ বাবে নিৰ্বাচিত কৰি উৎসাহিত কৰা হয়। ৰাষ্ট্ৰসংঘৰ মহিলা শাখাৰ Executive Director তথা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন Deputy President ফোঁমজিলে মোলাম্ব-গোঁকুকা, Witwatersrand বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ Dr. Judy Dlamin কে ধৰি বহুকেইগৰাকী বিশিষ্ট মহিলাই 2021 বৰ্ষৰ এই বঁটা লাভ কৰিছে। Charlotte Mannya-Maxeke Institute আৰু দক্ষিণ আফ্ৰিকা Department of Sport, Arts and Cultureৰ যৌথ সহযোগত জোহানেসবাৰ্গত অনুষ্ঠিত এক অনুষ্ঠানত দক্ষিণ আফ্রিকাৰ সাংস্কৃতিক বিভাগৰ মন্ত্রীৰ উপস্থিতিত চাৰ্লট মাক্সেকে বঁটাসমূহ অলপতে প্রদান কৰা হয়।
সমৃদ্ধি গোহাঁইয়ে ১০ বছৰ বয়সত লেখি উলিওৱা কল্পনামূলক তিনিটা কাহিনীৰ “3 Epic Adventures” নামৰ কিতাপখন ইতিমেধ্য Amazon. com উপলব্ধ হৈছে। লগতে কিতাপ খনিৰ ছপাকপিও উলিওৱা হৈছে। কিতাপখন পঢ়ুৱৈক বিক্রী কৰি অৰ্জন কৰা কিছু টকা তাইৰ (সমৃদ্ধি)ৰ ইচ্ছা অনুসৰি এখন অনাথ আশ্রমলৈ বৰঙণি আগবঢ়োৱা হৈছে।

3 EPIC ADVENTURESCUURO ACADEMY PRETORIADA News PlusSAMRIDDI GOHAIN
Comments (0)
Add Comment