নিমাতী ঘাটত ভয়ংকৰ ফেৰী দুৰ্ঘটনা

ডিজিটেল ডেস্কঃ যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ফেৰী দুৰ্ঘটনা। লুইতৰ বুকুত দুখন ফেৰীৰ মাজত মুখামুখি সংঘৰ্ষ । যাত্ৰা আৰম্ভ কৰাৰ কেইমুহূৰ্তমানৰ পিছতেই এই ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে, দুয়োখন ফেৰীতে আছে শতাধিক যাত্ৰী।ফেৰী দুখন হৈছে ‘মা কমলা’ আৰু ‘ত্ৰিপকাই’। ‘মা কমলা’ নামৰ ফেৰীখন ডুব গ’ল লুইতৰ বুকুত। ফেৰীখনত আছিল ১২০ জন যাত্ৰী । অধিকাংশ যাত্ৰীয়ে বৰ্তমান সন্ধানহীন হৈ আছে।

ইফালে, ‘মা কমলা’ নামৰ ফেৰীখন নিমাতিঘাটৰ পৰা মাজুলীলৈ গৈ থকাৰ বিপৰীতে ত্ৰিপকাই নামৰ অন্যখন ফেৰী গৈ আছিল নিমাতীঘাটলৈ।

DA News Plusferry accidentjorhat ferry accident
Comments (0)
Add Comment