বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষত মোদী

ডিজিটেল ডেস্কঃ জনপ্ৰিয়তাৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনক পিছ পেলাই শীৰ্ষত স্থান লাভ মোদীৰ। জ বাইডেন আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক পিছ পেলাই জনপ্ৰিয় নেতাৰ শীৰ্ষত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

আমেৰিকাৰ মৰ্নিং কনছাল্ট নামৰ এটা সংস্থাই চলোৱা সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। এই সমীক্ষা অনুসৰি বিশ্বৰ জনপ্ৰিয় নেতা সকলৰ প্ৰথম দহটা স্থানৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দ্বিতীয় স্থানত আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি ল’পেজ অব্ৰেডৰ নাম। তৃতীয় স্থানত আছে ইটালীৰ প্ৰধানমন্ত্ৰী মাৰি’অ দ্ৰাঘি।
উল্লেখ্য যে, এই সমীক্ষাত পঞ্চম স্থান লাভ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনে।

DA News PlusNarendra Modiworld's popular leader
Comments (0)
Add Comment