চতুৰ্থ টেষ্টত ইংলেণ্ডক ১৫৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে

ডিজিটেল ডেস্কঃ অ’ভেলত হেডিংলেত পৰাজয়ৰ পোতক তুলিলে কোহলি বাহিনীয়ে৷ পাঁচখনীয়া টেষ্ট ছিৰিজৰ অ’ভেলত অনুষ্ঠিত চতুৰ্থ টেষ্টত ইংলেণ্ডক ১৫৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে৷ ছিৰিজত ২-১ ব্যৱধানত লাভ কৰিলে অগ্ৰগতি৷ ৫০ বছৰৰ মূৰত অ’ভেলত টেষ্ট জয় কৰিলে ভাৰতে৷

ইংলেণ্ডক জয়ৰ বাবে ৩৬৭ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে৷ ভাৰতৰ সুনিয়ন্ত্ৰিত বলিঙৰ আগত খোপনি পুতিবই নোৱাৰিলে ইংলেণ্ডে৷ ৰয় বাৰ্নছ, হাছিম হামিদ আৰু অধিনায়ক জ’ ৰুটৰ বাহিৰে বাকী বেটছমেনসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হ’ল৷

২১০ ৰানতে সামৰণি পৰিল ইংলেণ্ডৰ ইনিছং৷ উমেশ যাদৱে ৩টা, বুমৰাহ, জাদেজা আৰু শ্বাৰ্দুল ঠাকুৰে প্ৰত্যেকেই দুটাকৈ উইকেট দখল কৰে৷ ভাৰতৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা ৰোহিত শৰ্মাই লাভ কৰিলে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান৷

CricketDA News PlusIndia
Comments (0)
Add Comment