বোকাখাতৰ পথাৰত কৃষকৰ কান্দোন, প্লাৱিত ১৫ খন গাওঁ

ডিজিটেল ডেস্কঃ বান আহিল বান গ’ল বানে শেষ কৰি থৈ গ’ল কৃষকৰ সোণালী সপোন। ভদীয়া বানে বোকাখাতৰ প্ৰায় হাজাৰ বিঘা কৃষিভূমি প্লাবিত কৰাৰ পাছত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে।

বোকাখাতৰ প্ৰায় ১৫ খন গাওঁ বানে তচনচ কৰি পেলাইছে। ফলত গাঁওবাসীৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। অৰ্থাৎ এক প্ৰকাৰ বানে মহতিয়াই লৈ গৈছে কৃষকৰ সোণালী সপোন। এতিয়া মূৰে কপালে হাত দিয়াৰ বাহিৰে অন্য কোনো উপায় নোহোৱা হৈছে বোকাখাতৰ কৃষক ৰাইজৰ।
অৱশ্যে ইতিমধ্যে বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই কৃষক ৰাইজৰ বাবে কিছু পৰিমাণে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে।

BokakhatDA News PlusFarmer
Comments (0)
Add Comment