দহ বছৰীয়া বৈবাহিক জীৱন কালত পৰ পুৰুষৰ লগত ২৫ বাৰকৈ পলাই যোৱা কোন এইগৰাকী হাই প্ৰফাইল মহিলা?

ডিজিটেল ডেক্সঃ এক হৃদয় বিদাৰক ঘটনা। তিনিমহীয়া এটি পানী কেচুৱাই কেতিয়াবা যদি মাকক বিচাৰি বিচনাত চটফটাইছে কেতিয়াবা আকৌ মাকক বিচাৰি চিঞৰি চিঞৰি কান্দিছে। ঘটনাটো শুনি হয়টো আপোনাৰ গাৰ নোম শিঁয়ৰি উঠিব। ইয়াৰ আৰৰ ৰহস্য কি জানেনে?

এয়া ধিঙৰ ঘটনা। ধিঙৰ লহকৰ গাঁৱৰ গুলজাৰ হুছেইনৰ পত্নী আজমলা খাতুনে দহ বছৰ পূৰ্বে গুলজাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আজমলাৰ আছে তিনিটা সন্তান। এটাৰ বয়স তিনি মাহ, এটাৰ বয়স তিনি বছৰ আৰু এগৰাকী ছয় বছৰীয়া কন্যা সন্তান থকা আজমলাই দহটা বছৰত অবৈধ প্ৰেমৰ গৃহস্থী কৰি পৰ পুৰুষৰ সৈতে ২৫ বাৰকৈ পলাই গৈ এক প্ৰকাৰে যেন ৰূপালী জয়ন্তী পাতিলে।

শুনি আচৰিত হ’লেও এয়াই সঁচা কাহিনী। তাই আকৌ তিনি মহীয়া পানী কেচুৱা সহ তিনি বছৰীয়া শিশুক এৰি পুনৰ পলাই গ’ল ২৫ নম্বৰ প্ৰেমিকলৈ।

কিন্তু এইবাৰ তাইৰ যোৱাৰ কাহিনীয়ে হতভম্ব কৰি তুলিছে সকলোকে। শনিবাৰে তাইৰ স্বামী গৈছিল গাড়ী চলাবলৈ। ঘৰত কোনো নথকাৰ সুযোগতে তাই পলাই যাওঁতে লগত লৈ গ’ল নগদ ধন,আ-অলংকাৰ আৰু ছয় বছৰীয়া কন্যা সন্তানক।

এতিয়া তাই ক’ত গ’ল, কাৰ লগত পলাই গ’ল সেয়া কোনেও নাজানে। এতিয়া প্ৰশ্ন হয়, এগৰাকী মাতৃ কিমান হৃদয়হীনা হ’লে এনেদৰে তিনিমহীয়া পানী কেচুৱাক এৰি বেলেগৰ লগত পলাই যাব পাৰে। মাতৃৰ নামত কলংক এইগৰাকী মহিলাক কি নাম দিব? মাকৰ গাখীৰ বিচাৰি পেটৰ ভোকত চটফটাই থকা পানী কেচুৱাটিক কোনে সান্তনা দিব? দুই কণমানিক বুকুত লৈ স্বামী গুলজাৰো তাইক বিচাৰি হাহাকাৰ। তাই যতেই আছে ঘূৰি আহক।

DA News PlusDhing
Comments (0)
Add Comment