অসমত কিন্নৰক লৈ ছিণ্ডিকেটৰাজ চলাৰ অভিযোগ স্বাতি বিধান বৰুৱাৰ

ডিজিটেল ডেস্কঃ মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে কিন্নৰৰ উপদ্ৰৱ৷ ইটোৰ পিছত সিটোকৈ বিক্ষিপ্ত ঘটনাত লিপ্ত হৈছে কিন্নৰ৷ এই প্ৰসংগতে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে তৃতীয় লিংগ সমাজৰ নেতা তথা আইনবিদ স্বাতি বিধান বৰুৱাই৷

গুৱাহাটীত বহুৰূপী বা বহু ভুৱা কিন্নৰ আছে যিয়ে বিক্ষিপ্ত ঘটনা সংঘটিত কৰি আহিছে। এই ভুৱা কিন্নৰসকলক চিনাক্তকৰণৰ বাবে গঠন কৰা হ’ব টাস্ক ফৰ্চ। Intelligence beuruৰ এজন বিষয়া থাকিব এই টাস্ক ফৰ্চত। কিন্নৰসকল কোন ৰাজ্যৰ পৰা আহিছে, সেই সকলো বিষয় চোৱা-ছিটা কৰিব এই টাস্ক ফ’ৰ্চে৷

এই অবৈধ, ভুৱা কিন্নৰৰ সৈতে একাংশ সাংবাদিক জড়িত আছে বুলিও বিস্ফোৰক অভিযোগ কৰে বিধান বৰুৱাই৷ ৰাজ্যত কিন্নৰক লৈ ছিণ্ডিকেটৰাজ চলা বুলিও অভিযোগ কৰে বিধান বৰুৱাই৷ ইফালে গুৱাহাটীত প্ৰায় ৭-৮ শ ভুৱা কিন্নৰে থিতাপি লোৱা বুলিও দাবী কৰে বৰুৱাই৷

Bidhan BaruahDA News PlusProtest
Comments (0)
Add Comment