গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত জোনাইত অখিল গগৈৰ নেতৃত্বত ধৰ্ণা

ডিজিটেল ডেস্কঃ গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈৰ নেতৃত্বত আৰু ধেমাজি জিলাৰ গো-পালক সন্থা, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক ৰাইজৰ সহযোগত বৃহৎ ধৰ্ণা কাৰ্যসূচী সম্পন্ন হয়।

উল্লেখ্য যে, সোমবাৰে পুৱা ১১ বজাত জোনাইত উপস্থিত হৈ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মূখৰ পৰা হাজাৰ হাজাৰ ৰাইজক লগত লৈ সমদল কৰি জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

ধৰ্ণা কাৰ্যসূচীত নেতৃত্ব দি অসম চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে। তেওঁ কয় যে, বিজেপি চৰকাৰে সাম্প্ৰদায়িক আৰু খাটি খোৱা ৰাইজৰ কাৰণে অত্যন্ত ক্ষতিকাৰক গো-সুৰক্ষা আইন ২০২১ ৰাইজৰ মাজত জাপি দিয়াৰ ফলত থলুৱা খাটি খোৱা লোকসকল, খিলঞ্জীয়া জনগোষ্ঠী সকলৰ মাজত বেয়াকৈ প্ৰভাৱ পৰিব।

ইপিনে, কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিয়ে জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বীবেদিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ গো-সুৰক্ষা আইন, ২০২১ বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে।

AKhil GogoiDA News PlusProtest
Comments (0)
Add Comment