কি আছে দিল্লীত স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিত ?

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দিল্লীত স্বাক্ষৰিত হ’ল কাৰ্বি শান্তি চুক্তি। কাৰ্বি পাহাৰৰ ৬ উগ্ৰপন্থী সংগঠনৰ নেতা-কৰ্মীৰ উপস্থিতিত স্বাক্ষৰিত হ’ল এই শান্তি চুক্তি। কিন্তু কি কি আছে এই শান্তি চুক্তিত?

কাৰ্বি আংলঙলৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিশেষ পেকেজ ঘোষণা ৫০০ কোটিকৈ মুঠ ১০০০ কোটি টকাৰ পেকেজ। ধনশিৰিৰ পৰা ডিমাপুৰ বিমানবন্দৰলৈ চাৰি’লেনযুক্ত পথ নিৰ্মাণ। ডিফুত খোলা হ’ব হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট। কাৰ্বিআংলংত স্থাপন হ’ব কেন্দ্ৰীয় বিশ্ব বিদ্যালয়। শীঘ্ৰে স্থাপন কৰা হ’ব কৃষি বিশ্ববিদ্যালয়ৰ লগতে সৈনিক স্কুল ও ।

ডিফু ডংকামকামত জিলা চিকিৎসালয়ৰ লগতে হাৱাইপুৰ ৰে’ল ষ্টেশ্যনক পূৰ্ণাংগকৰণৰ সিদ্ধান্ত। ডিফু দূৰদৰ্শন কেন্দ্ৰক পূৰ্ণ পৰ্যায়লৈ উন্নীতকৰণ কৰাৰ লগতে প্ৰচাৰ ভাৰতী, ডিফুক পূৰ্ণ পৰ্যায়ৰ অনাতাঁৰ কেন্দ্ৰলৈ কৰা হ’ব উন্নীতকৰণ ।

DA News Pluskarbi anglongkarbi peace accord
Comments (0)
Add Comment