এইবাৰ এগৰাকী IAS বিষয়াই পেৰালিম্পিকত অর্জন কৰিলে ৰূপৰ পদক

ডিজিটেল ডেস্কঃ প্ৰথম বাৰৰ বাবে পেৰালিম্পিকত পদক অৰ্জন কৰিলে এগৰাকী ভাৰতীয় IAS বিষয়াই । নাম সুহাস এল যতিৰাজ। সুহাস হ’ল উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰৰ জিলা দণ্ডাদীশ। এগৰাকী IAS বিষয়া হিচাপে পেৰালিম্পিকত ৰূপৰ পদক অৰ্জন কৰি ভাৰতবাসীৰ গৌৰৱৰ কাৰণ হৈ পৰিছে সুহাস।

দেওবাৰে টকি’অ পেৰালিম্পিকত বেডমিণ্টনৰ একক এছ এল ৪ ৰ ফাইনেলত পৰাজিত হয় সুহাস। ফাইনেলত পৰাজিত হোৱা বাবে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় IAS বিষয়া গৰাকী। ফাইনেলত সুহাসে ফ্ৰান্সৰ লুকাশ মাজুৰাৰ হাতত ২১-১৫, ১৭-২১, ১৫-২১ ৰ ব্যৱধানত পৰাজয় বৰণ কৰে।

৩৮ বছৰীয়া সুহাস যতিৰাজ পেৰালিম্পিকত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে পৰিগণিত হৈছে।

DA News PlusIAS officerparalympicsuhas al yatiraj
Comments (0)
Add Comment