মিত্ৰতাৰ পোষকতা কৰিছে ৰাহুল গান্ধীয়ে! দাবী বিধায়ক অখিল গগৈৰ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ কেইবাটাও বিধানসভা সমষ্টিত সমাগত উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাৰ পোষকতা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে। নতুন দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰি আহি শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈ এই দাবী কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

উল্লেখ্য যে, আগন্তুক উপ-নিৰ্বাচনত বিজেপি-আৰ এছ এছক প্ৰতিহত কৰাৰ স্বাৰ্থত ৰাহুল গান্ধীয়ে সকলোৱে একেলগে আগবঢ়া উচিত বুলি তেওঁৰ সৈতে আলোচনাত মন্তব্য কৰে বুলি অখিল গগৈয়ে ব্যক্ত কৰে।

ইফালে ৰাহুল গান্ধীৰে সৈতে বহু সময় ধৰি বিভিন্ন বিষয় আলোচনা কৰা হৈছে বুলি গগৈয়ে মন্তব্য কৰে। ৰাজ্যৰ সমাগত উপ-নিৰ্বাচনকে ধৰি সকলো বিষয়, ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি আদি পুংখানুপুংখভাৱে ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰে বুলি গগৈয়ে ব্যক্ত কৰে।

ৰাইজৰ দলৰ সভাপতি গগৈয়ে কয় যে, ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ’লে ছটা সমষ্টিৰ উপ-নিৰ্বাচনত চাৰিটাত বিজেপিক প্ৰবল প্ৰত্যাহ্বান জনাব পৰা যাব। লগতে ইয়াৰে তিনিটাত বিজেপিক পৰাভূত কৰিব পৰা হ’ব। অৱশ্যে কংগ্ৰেছৰ সৈতে মিত্ৰতা নহ’লে উপ-নিৰ্বাচনত ছটা সমষ্টিতে ৰাইজৰ দলে প্ৰাৰ্থী আগবঢ়াব বুলি মন্তব্য কৰে অখিল গগৈয়ে।

উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ অসম বিধানসভালৈ অহাটো উচিত আৰু ইয়াৰ বাবে অজাপই ৰণকৌশল প্ৰস্তুত কৰাটো উচিত। লগতে অজাপক সহায় কৰিবলৈ সাজু বুলি মন্তব্য কৰে অখিল গগৈয়ে।

AKhil GogoiAllianceDA News Plus
Comments (0)
Add Comment