জনজাতীকৰণৰ দাবীত ৰাজ্যজুৰি টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ জনজাতীকৰণৰ দাবীত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ৷ উজনীৰ প্ৰান্তে প্ৰান্তে চৰকাৰ বিৰোধী শ্ল’গানেৰ প্ৰতিবাদ কৰিলে টাই আহোম যুৱ পৰিষদে৷ তিনিচুকীয়াত থানা চাৰিআলিত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে৷

ডিব্ৰুগড়ৰ চৌকিডীঙিতো আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰি উপযুক্ত সংৰক্ষণ আৰু সৌন্দয্যবর্ধনৰ ব্যৱস্থা কৰা, কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা শিৱসাগৰ ‘আইকণিক চাইট’ৰ বাবে নিৰ্দ্ধাৰিত ৫০০ কোটি টকা মুকলি কৰি দিয়াৰ দাবীৰে টাইপাই প্ৰতিবাদ সাব্যস্ত কৰে৷

আনফালে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত টাইপাই শুকুৰবাৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী৷ টাই আহোম সকলক ভৈয়াম জনজাতি মৰ্যাদা প্ৰদান কৰা আৰু টাই আহোম সকলক স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে৷

DA News PlusProtestTai Ahom Yuva Parishad
Comments (0)
Add Comment