আজি বাংগালোৰলৈ ৰাওনা হ’ব বজ্ৰ কন্যা লাভলিনা বৰগোহাঁই

ডিজিটেল ডেক্স: আজি বাংগালোৰলৈ ৰাওনা হ’ব অসম কন্যা লাভলিনা বৰগোহাঁই। নিজৰ উচ্চ পৰ্যায়ৰ অনুশীলনৰ বাবে পুনৰ সময় আহি পৰাত আজি বৰপথাৰ বাৰমুখীয়াৰ নিজা বাসগৃহৰ পৰা গুৱাহাটী হৈ বাংগালোৰলৈ ৰাওনা হ’ব বজ্ৰ কন্যা লাভলিনা বৰগোহাঁই।

উল্লেখ্য যে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা সৰুপথাৰ সমষ্টিত হ’বলগীয়া ক্ৰীড়া প্ৰকল্পটো অতি শীঘ্ৰে হোৱাটো বিচাৰিছে লাভলিনাই। প্ৰকল্পটো যিমান পাৰে সোনকালে সম্পূর্ণ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ অনুশীলনৰ সুবিধা হোৱাকৈ মুকলি কৰি দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে লাভলিনাই।

ইফালে ঘৰলৈ আহি একো ইচ্ছাই পূৰণ নহ’ল বুলি মন্তব্য কৰে লাভলিনাই। লগতে তেওঁ কয়, টকীঅ’ৰ পৰা নিজ ঘৰখনলৈ অহাৰ প্ৰথম কেইদিনমান খুবেই ভাল লাগিছিল। সকলো আহিছিল কথা বতৰা পাতিছিলোঁ। তথাপিও ভাবিছিলো একেবাৰে শেষলৈকে মই অলপ ফ্ৰী হৈ থাকিবলৈ পাম কিন্তু সেয়া নহ’ল। ঘৰত থাকিবলৈ একেবাৰে সময় নেপালো। যি যি ভাবিছিলো একোৱেই নহ’ল। এতিয়া সোনকালে যাওঁগৈহে নহ’লে বক্সিঙৰ অনুশীলনত মোৰ ক্ষতি হ’ব।

LovlinaLovlina Borgohain
Comments (0)
Add Comment